মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

২০১৭-১৮ বৰ্ষৰ বাবে কৰ্ম পৰিকল্পনা

২০১৭-১৮ বৰ্ষ আৰু ইয়াৰ পৰৱৰ্তী সময়ৰ বাবে কৰ্ম পৰিকল্পনা

১. আৰ.আই.ডি.এফ.- XXI ৰ অধীনত সাত খন নতুন বিল মীন বিকাশৰ বাবে প্ৰস্তাৱ গ্ৰহণ।

২. ভাৰত চৰকাৰৰ কৃষি, পশু পালন আৰু মীন মন্ত্ৰালয়ক দাখিল কৰা আঁচনিৰ(নীল বিপ্লৱৰ অধীনত) আধীনত অসমৰ ৭৪টা বাচনি কৰা সতেজ পানীৰ প্ৰাকৃতিক জলাশয়ত প্ৰথমবাৰৰ বাবে ডাঙৰ পোনা মেলাৰ প্ৰস্তাৱ গ্ৰহণ।

৩. ভাৰত চৰকাৰৰ কৃষি, পশু পালন আৰু মীন মন্ত্ৰালয়ক দাখিল কৰা আঁচনিৰ(নীল বিপ্লৱৰ অধীনত) আধীনত শিল্প আৰু পদ্ধতিৰ সুবিধা প্ৰদানৰ জৰিয়তে প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সম্প্ৰদায়ৰ প্ৰয়োজন সাপেক্ষ উন্নয়ন সাধন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ।

৪. জাইকাৰ অধীনত ৪৯টা বিলত অসম মীন উন্নয়ন নিগম লিমিটেডৰ বিল মীন মহল(জলাশয়) উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ।

৫. অসম মীন উন্নয়ন নিগম লিমিটেডৰ ১২ খন বিলত আদৰ্শ বিল প্ৰকল্প ৰূপায়নৰ প্ৰস্তাৱ গ্ৰহণ।