মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

আমাৰ ইতিহাস

  • অসম মীন উন্নয়ন নিগম লিমিটেডক আৰম্ভণিতে ১৯৭৭ বৰ্ষত তামৰঙ্গা আৰু ধীৰ নামেৰ দুখন বিল মীন অন্তৰ্ভূক্ত আছিল আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰে অসম মীন উন্নয়ন নিগম লিমিটেডক আৰু অধিক বিল মীন নিগমৰ সন্তোষজনক প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি হস্তান্তৰিত কৰে। বৰ্তমান অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধীনত মুঠ ১২০১৬.৪৮ হে. এলেকা আৰু ৯৩৬৫.০০ হে. উত্পাদক জল ক্ষেত্ৰৰে সৈতে ১৮৫ খন বিল মীন আছে। নিগমৰ প্ৰায় ২০,০০০ পঞ্জীকৃত অনুসূচীত জাতিৰ মাছমৰীয়া আৰু প্ৰায় ২০০০ পঞ্জীকৃত অনুসূচীত জাতিৰ ব্যৱসায়ী আছে।

    নিগমক চৰকাৰৰ দ্বাৰা অলপ অলপ কৈ পৰিশোধ কৰা ৫০.০০ লাখ টকাৰ অধিকৃত শ্বেয়াৰ মূলধনৰ সৈতে নিগমৰ স্থাপনা হয়। ফলস্বৰূপে পুঁজিৰ অভাৱৰ কাৰণে নিগমে কোনো বৃহত্ উন্নয়ন প্ৰকল্প গ্ৰহণ কৰিব পৰা নাই। কিন্তু নিগমৰ অগ্ৰগতি অনুসৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহ যেনে এন.ই.চি., ডব্লিউ.এফ.পি., অনুসূচীত জাতি পৰিকল্পনা, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ, ডি.আৰ.ডি.এ., আৰ.আই.ডি.এফ., চি.আই.এফ.আৰ.আই. আৰু এন.এফ.ডি.বি. আদিৰ মাধ্যমত আৰ্থিক সাহাৰ্য্যৰ সহায়ত বিভিন্ন বিলত মত্স্য উত্পাদৰ লক্ষ্য উন্নত আৰু অৰ্জন কৰাৰ কাৰণে বিল মীনক উন্নত কৰিবলৈ আৰম্ভ কৰিছে। এই উন্নয়নমূলক কামসমূহৰ লগে লগে অনুসূচীত জাতি আৰু মাইমুল সম্প্ৰদায়ৰ লোকসকলৰ অৰ্থ-সামাজিক অৱস্থাৰ যথেষ্ঠ উন্নতি হোৱাৰ লগতে বিলসমূহত মাছৰ উত্পাদনো বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান বিল মীনত মাছৰ গড় উত্পাদন ৫১১.০০ কে.জি./হে./বছৰি।