বিল চুক্তিৰ প্ৰক্ৰিয়া
বিল চুক্তিৰ প্ৰক্ৰিয়াঃ কোনে বিল চুক্তিৰ বাবে নিবিদা দিব পাৰে
- সংশ্লিষ্ট জিলাৰ ব্যক্তিগত প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সকল
- সংশ্লিষ্ট জিলাৰ মাছমৰীয়া সমবায় সমিতি/আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠন, যি ১০০শতাংশ অনুসুচীত জাতি আৰু মাছমৰীয়া বৃত্তিৰ অন্তৰ্গত
- ব্যক্তিগত মাইমূল সম্প্ৰদায় মাছমৰীয়া (বৰাক উপত্যকা অঞ্চল)
- সংশ্লিষ্ট জিলাৰ মাছমৰীয়া সমবায় সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠন, যি ১০০ শতাংশ মাইমুল সম্প্ৰদায় (বৰাক উপত্যকা অঞ্চল) আৰু মাছমৰীয়া বৃত্তিৰ অন্তৰ্গত
- অনুসুচীত জাতি সম্প্ৰদায়ৰ উন্নয়নশীল মতস্য কৃষক
বিল চুক্তিৰ নিবিদাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰঃ ব্যক্তিৰ বাবে
- স্ব-স্বাক্ষৰিত পাছপোৰ্ট ফটো
- বাকিজাই অনুমতি প্ৰমাণপত্ৰ
- জাতিৰ প্ৰমাণ পত্ৰ
- যোগ্য কতৃপক্ষৰ দ্বাৰা প্ৰদান কৰা অভজ্ঞগতাৰ প্ৰমাণ পত্ৰ
- নিৰাপত্তা ধন জমা কৰা (নিগমে ধাৰ্য্য কৰি দিয়া পট্টা মূল্যৰ ২৫ শতাংশ)
- শপত নামা (১৫ টকাৰ নন জুডিচিয়েল ষ্টাম্প পেপাৰ)
ওপৰত উল্লেখ কৰা নথি সমূহৰ ওপৰিও, মাছমৰীয়া সমবায় সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা নথি সমুহো প্ৰয়োজনঃ
- সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ
- সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠনৰ বাকিজাই অনুমতি প্ৰমাণপত্ৰ
- নিবিদাত অংশ গ্ৰহণ কৰিবৰ বাবে সাধাৰণ সভাৰ প্ৰস্তাৱ সমূহ