মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

আমি কি কৰো

  • আমাৰ লক্ষ্য আৰু অভিযান

    বিল মীন পালনৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাজ্য চৰকাৰৰ মীন উত্পাদন বৃদ্ধি কৰাৰ লগতে অনুসূচীত জাতি/মাইমুল(বৰাক উপত্যকা) সম্প্ৰদায়ৰ মাছমৰীয়াসকলৰ অৰ্থ-সামাজিক অৱস্থাৰ উন্নতি কৰা আৰু যুৱকসকলৰ কাৰণে কৰ্মসংস্থানৰ সুযোগৰ সৃষ্টি কৰা।

    কাৰ্য্যাৱলী আৰু উদ্দেশ্যসমূহ

    • মীন উত্পাদন বৃদ্ধি কৰাৰ কাৰণে ৰাজ্যখনৰ বিল মীনৰ উন্নয়ন কৰা।
    • অনুসূচীত জাতি/মাইমুল(বৰাক উপত্যকা) সম্প্ৰদায়ৰ প্ৰকৃত মাছমৰীয়াসকলৰ অৰ্থ-সামাজিক অৱস্থাৰ উন্নতি কৰা।
    • আৰ্থিক অনুদান, ঋণ, যন্ত্ৰপাতি আৰু যানবাহনৰ ক্ৰয় আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী, পৰামৰ্শ সেৱা আৰু অন্যান্য উপায়ে সহায়তা, মত্স্য উত্পাদন বৃদ্ধি আৰু মত্স্য বিপণনৰ প্ৰচাৰৰ কাৰণে ৰাজ্যিক আৰু কেন্দ্ৰীয় এজেঞ্চীসমূহৰ উন্নয়ন আৰু পৰিচালনা কৰা।
    • মত্স্য প্ৰজনন, মত্স্য কৃষ্টি, নৌকা আৰু জাল প্ৰস্তুত কৰা আৰু উত্স অনুসূচীত জাতি/মাইমুল(বৰাক উপত্যকা) সম্প্ৰদায়ৰ প্ৰকৃত মাছমৰীয়াসকলৰ মাজত অন্যান্য আয়ৰ প্ৰৱৰ্তন কৰি তেওঁলোকৰ কাৰণে সকলো সময়তে কৰ্ম সংস্থাপন নিশ্চিত কৰা।
    • মীন পালনৰ জৰিয়তে মত্স্য আৰু অন্য উপ উত্পাদকৰ ক্ৰয় নিজৰ নিয়ন্ত্ৰণত ৰখা আৰু ৰাজ্যৰ বাহিৰৰ আৰু ভিতৰৰ অন্য সমল আৰু সেইবোৰৰ পৰিবহন, সংগ্ৰহস্থল, সংৰক্ষণ, সংসাধন আৰু বিপণনৰ ব্যৱস্থা কৰা।
    • বিভিন্ন বিল মীন পালনৰ উন্নয়নৰ প্ৰকল্প হাতত লোৱা।