বান প্ৰৱন জলাশয় আৰু সৰ্পাকৃতিৰ নদীৰ সোঁত, যাক স্থানীয় ভাৱে বিল হিচাপে জনা যায়, হৈছে অসমৰ এক গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ মীন সম্পদ। বিল বোৰে মাছ ধৰাৰ বাবে এক বিশাল সুযোগ প্ৰদান কৰে যিহেতু ইয়াত নদ-নদী সমূহৰ জৰিয়তে স্বয়ংক্ৰিয় ভাৱে মাছৰ উজান আহে আৰু পোনা মেলাৰ কোনো প্ৰয়োজন নাথাকে। বিলৰ পানী যথেষ্ঠ পুষ্টিদায়ক হয় আৰু মাছৰ বিকাশৰ বাবে বিলৰ পৰিবেশ বহু পৰিমাণে উপযোগীও হয়। শেহতীয়া বৰ্ষসমূহত, বান প্ৰবন জলাশয় সমূহত প্ৰকৃতিক আৰু লগতে মানৱ নিৰ্মিত কাৰণত হোৱা পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ বাবে মাছৰ উত্পাদন হ্ৰাস পাইছে। মূল উত্স স্বৰূপ নৈ সমূহত বহুল ভিত্তিত চলা বান নিয়ন্ত্ৰণৰ পদক্ষেপ, জলসিঞ্চন ব্যৱস্থা আৰু বিলৰ ঘন মেটেকাৰ আৱৰণৰ ফলত বিলত প্ৰয়োজনীয় হাৰত পানী প্ৰৱেশ কৰিব নোৱাৰাৰ ফলতেই উত্পাদন বহু পৰিমাণে হ্ৰাস পাইছে। সেই গতিকে প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰাখি পাৰিপাৰ্শ্চিকতাৰ কোনো ক্ষতি নকৰাকৈ এই জলাশয় সমূহৰ মত্স্য উত্পাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে উপায় বিচৰাৰ প্ৰয়োজনীয়তা আছে। বিলত মাছৰ কৃষি কৰাটোৱেই হৈছে ৰাজ্যত মাছৰ উত্পাদন বৃদ্ধি কৰাৰ এক বিকল্প উপায়।
ভাৰতীয় জলভাণ্ডাৰ সমূহত ১৯৮২ চনৰে পৰাই অব্যাহত থকা অনুশীলনৰ দৰে অসমতো শেহতীয়াকৈ মাছৰ পোনা যোগানৰ জৰিয়তে বিলত মত্স্য কৃষি আৰম্ভ কৰাটো এক নতুন ধাৰণা হিচাপে বিবেচিত হৈছে। গঁৰাল কৃষ্টি, পিঁজৰা কৃষ্টি আৰু মাছৰ বিধান সংৰক্ষণ কৰা আদিবোৰ হৈছে বিলত মত্স্য কৃষি কৰাৰ কিছুমান পদ্ধতি।
মাছৰ বীজ তৈয়াৰ কৰা বা খোৱাৰ উপযোগী মাছৰ উত্পাদন কৰা, এই দুয়োটা ক্ষেত্ৰতে বিলত গঁৰাল কৃষ্টিৰ অনুশীলন কৰা হয়। ইয়াৰ বাবে বাচনি কৰা স্থানত পানীৰ গভীৰতা ১ৰ পৰা ২ মিটাৰ পৰ্য্যন্ত হোৱা উচিত আৰু এই স্থান ক্ৰমান্বয়ে এঢলীয়া হোৱা উচিত। স্থানীয় ভাৱে উপলব্ধ সমল ব্যৱহাৰেৰে গঁৰাল তৈয়াৰ কৰিব পাৰি। ইয়াৰ বাবে বাঁহৰ কামী নাৰিকলৰ ৰচিৰে বান্ধি(যাক স্থনীয় ভাৱে বানা বুলি কোৱা হয়) বিলৰ অদৰকাৰী অংশ আবদ্ধ কৰি লোৱা হয়। ১-২ মিটাৰ অন্তৰালত কাঠ বা বাঁহৰ গোজ পুতি বাঁহৰ এই বানা সমূহ ঠিয় কৰি ৰখা হয়। কাঠ বা বাঁহৰ গোজৰ সহায়ত ডাঠ পলিথিনৰ জাল ব্যৱহাৰ কৰি এই গঁৰাল নিৰ্মাণ কৰিব পাৰি। সৰু আকাৰৰ গঁৰাল সমূহ(১০০-৪০০বৰ্গ মিটাৰ) চম্ভালিব সহজ, কিন্তু ডাঙৰ আকাৰৰ গঁৰাল সমূহত(৫০০-১০০০বৰ্গ মিটাৰ) সোনকালে মাছৰ বিকাশ হয়। মেটেকা, মাংসভোজী আৰু মেটেকাভোজী মাছ সমূহক এই গঁৰালৰ পৰা আঁতৰ কৰিব লাগিব আৰু ভূমি আৰু পানীৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি গঁৰালত সাৰ ব্যৱহাৰ কৰিব লাগিব। গঁৰালৰ আকাৰ ইয়াৰ পৃষ্ঠ, কলম আৰু তলভাগৰ ওপৰত নিৰ্ভৰ কৰি অৰ্থাত্ ৩:২:১ অনুপাতত নিৰ্মাণ কৰা উচিত, যত ৫-৬ ছেণ্টিমিটাৰৰ সৰু পোনা ৮-১০ ছেণ্টিমিটাৰ ডাঙৰ পোনালৈ বিকশিত কৰিব পৰা যাব আৰু ডাঙৰ পোনাৰ পৰা খোৱাৰ উপযোগী মাছৰ উত্পাদনো কৰিব পৰা যাব। গঁৰালৰ বাবে উপযোগী ঘনত্বৰ নিয়ম অনুসৰি ডাঙৰ পোনালৈ বিকশিত হোৱাৰ বাবে প্ৰতি হেক্টৰত ২০,০০০ৰ পৰা ৩০,০০০লৈ সৰু পোনা আৰু খোৱাৰ উপযোগী মাছলৈ ৰূপান্তৰিত হোৱাৰ বাবে প্ৰতি হেক্টৰত ৮,০০০ৰ পৰা ১০,০০০ ডাঙৰ পোনা থকা উচিত। কিছুমানে মত্স্য পালকে প্ৰতি হেক্টৰত ডাঙৰ পোনালৈ ৰুপান্তৰ কৰিবৰ বাবে ২-৩ লাখ সৰু পোনা ৰখাটোও পৰিলক্ষিত হৈছে। সৰু পোনা আৰু ডাঙৰ পোনা বোৰক প্ৰতি দিনে নিজৰ দেহৰ ৫ শতাংশ ওজনৰ আহাৰ খোৱাব লাগে। গঁৰাল কৃষি গোটেই বছৰ যুৰি কৰিব পাৰি যদিও শীত কালত মাছৰ বিকাশৰ গতি অত্যাধিক মন্থৰ হোৱাৰ বাবে এনে সময়ত এই কৃষি নকৰাটোৱেই উচিত।
নঁগাও আৰু মৰিগাঁওৰ বহু সংখ্যক মীন পালকে বৰ্তমান এই গঁৰাল কৃষিক অগ্ৰাধিকাৰ দিয়াটো আৰম্ভ কৰিছে।
চি.আই.চি.এফ.আৰ.আই.এ অসমত এই পিঁজৰা কৃষিৰ পৰিচয় ঘটাইছিল। গঁৰাল কৃষিৰ দৰেই ইয়াতো সৰু পোনাৰ পৰা ডাঙৰ পোনা আৰু ডাঙৰ পোনাৰ পৰা খোৱাৰ উপযোগী মাছ উত্পাদন কৰিবৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। বায়ু প্ৰজনন কৰা মাছৰ পৰা খোৱাৰ উপযোগী মাছ উত্পাদন কৰিবৰ বাবে এই পদ্ধতি যথেষ্ঠ উপযোগী। বান প্ৰৱন বা মেটেকাৰে আৱৰা বিল সমূহতো এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ আন এক বৈশিষ্ট হৈছে দুইৰ পৰা তিনি বছৰলৈ এই পিঁজৰা ব্যৱহাৰ কৰিব পাৰি।
পানীত উপঙা উপাদন ব্যৱহাৰ কৰি শৃংখলাবদ্ধ ভাৱে নাইলনৰ জালৰ সহায়ত এই পিঁজৰা তৈয়াৰ কৰিব পাৰি। মনকৰিবলগীয়া যে ৬ মিটাৰ X ৩ মিটাৰ X ১.৫০ মিটাৰ পিঁজৰা সমূহ সুবিধাজনক আৰু চম্ভালিবও সহজ। এনে পিঁজৰা সমূহত ৫৫০ৰ পৰা ৭৫০ সৰু পোনা (প্ৰতি হেক্টৰত ৩-৪ লাখ পোনা) ডাঙৰ পোনালৈ ৰূপান্তৰিত কৰিব পাৰি। পোনা বোৰৰ দেহৰ ৪-৫ শতাংশ ওজনৰ, ১:১ অনুপাতত এম.ও.চি. আৰু ধানৰ তুঁহেৰে তৈয়াৰী আহাৰ এই পোনা পোনক খোৱাব লাগে। মাটিৰ থালৰ জৰিয়তে এই আহাৰ প্ৰদান কৰিব লাগে যাতে আহাৰ বোৰ নষ্ট হৈ নাযায়।
এই পদ্ধতিৰ যথেষ্ঠ উপযোগীতা আছে যদিও অসমত ইয়াৰ জনপ্ৰিয়তা অতি কম।
বিলত মাছৰ পোনা সংৰক্ষণ কৰাটো মত্স্য পালক সকলে এক শংকাজনক পৰিকল্পনা হিচাপে বিবেচনা কৰে। কিন্তু মাছৰ উত্পাদন বৃদ্ধি কৰিবলৈ হলে সঠিক বিলত, সঠিক সংখ্যাত, সঠিক আকাৰত, সঠিক মানদণ্ডৰ, সঠিক প্ৰকাৰৰ ডাঙৰ পোনা সঠিক সময়ত এৰিব লাগিব।
সকলো বিল মাছৰ বিধান সংৰক্ষণৰ বাবে উপযোগী নহয়। এটা বা দুটা পানীৰ ধাৰা সংযোগী অক্স-বৌ আকাৰৰ আৰু ওখ পাৰযুক্ত বিল হৈছে মাছৰ বিধান সংৰক্ষণৰ বাচনি কৰা উচিত।
বিলৰ মত্স্য উত্পাদন ক্ষমতা অনুযায়ীহে ডাঙৰ পোনা সংৰক্ষণৰ ঘনত্ব নিৰ্ণয় কৰিব পাৰি। গতিকে, পোনা সংৰক্ষণৰ ঘনত্বৰ হিচাপ এইদৰে উলিয়াব পাৰি (আকাংশিত মাছৰ উত্পাদন – বৰ্তমান উত্পাদন) X প্ৰতি হেক্টৰত ১০০ পোনাৰ প্ৰয়োজন = আকাংশিত বিকাশৰ হাৰ X পুনৰ মাছ সংগ্ৰহ কৰাৰ আকাংশিত হাৰ।
মতস্য পালক সকলৰ বাবে এই হিচাপ কৰি উলিওৱাতো অসুবিধা জনক হব পাৰে আৰু সেইকাৰণে, তেঁওলোকে স্বয়ং সংৰক্ষিত বিলত ২০০০-৩০০০ সঠিক আকাৰৰ পোনা আৰু আবদ্ধ বিলত ৫০০০-৬০০০ পোনা সংৰক্ষণ কৰিব পাৰে।
কোনো বিলেই মাংসভোজী মাছৰ পৰা মুক্ত নহয় আৰু সেইকাৰণেই, সৰু আকাৰৰ পোনা বিলত মেলি দিয়া উচিত নহয়। গতিকে এনে চিকাৰ ৰোধ কৰিবৰ বাবে অতি কমেও ১০ ছেণ্টিমিটাৰ আকাৰৰ পোনা বিলত মেলা উচিত।
বিলৰ স্থানত পৰ্য্যাপ্ত আকাৰৰ ডাঙৰ পোনা উপলব্ধ নহবও পাৰে। গতিকে পোনা বিকাশ স্থলিৰ পৰা বৃহত্ সংখ্যক ডাঙৰ আকাৰৰ উন্নত মানৰ পোনা বিলত যোগান ধৰাতো এক অতি কঠিন কাৰ্য্য। ইয়াৰ বিকল্প হিচাপে গঁৰাল বা পিঁজৰা কৃষি পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
থলুৱা মাছ যেনে ভকুৱা, ৰৌ, মীৰিকা, কালিয়াৰা, কূৰি আদিৰ পোনা সমূহ বিলত মেলিব লাগে। বিদেশী মাছবোৰৰ ক্ষেত্ৰত সুকীয়া তত্বৱধানৰ প্ৰয়োজন আছে। বিলৰ বাবে এই বিদেশী মাছবোৰ উপকাৰী বিবেচিত হব পাৰে কিন্তু, ই থলুৱা মাছৰ ক্ষতি সাধনো কৰিব পাৰে বা নদ-নদীৰ সংস্পৰ্শলৈ আহিলে বিলৰ পৰা ওলাই যোৱাৰ সম্ভাৱনাও থাকে।
অসমৰ বিল সমূহ হৈছে বান প্ৰবন। জুনৰ পৰা আগষ্টলৈ সাধাৰণতে বান আৰম্ভ হয়। গতিকে, আগষ্টৰ শেষৰ ফালে বিলত পোনা মেলা উচিত। এই সময়ছোৱাত মত্স্য পালক সকলে সাধৰণতে বাঁহৰ বানাৰ জৰিয়তে বিল সংযোগী ধাৰা সমূহত বানা স্থাপন কৰি বানা মত্স্য কৃষি কৰে। ইয়াৰ জৰিয়তে বিলত মেলি দিয়া পোনাবোৰ ওলাই যোৱাৰ ক্ষেত্ৰতো বাধা আহি পৰে।
মত্স্য কৃষিৰ বাবে পোনাৰ সঠিক মানদণ্ড হৈছে প্ৰথম প্ৰয়োজন। বহু কৃষকে বছৰ বছৰ ধৰি একেখনি মাছৰ ভিতৰতে প্ৰজনন কৰোৱাৰ ফলত পৰ্য্যায়ক্ৰমে মাছৰ আনুবংশিক স্খলন ঘটে আৰু ইয়াৰ ফলত মাছৰ বিকাশ হ্ৰাস পায়। এনে ক্ৰটিপূৰ্ণ কাৰ্য্যক্ৰম নিয়ন্ত্ৰণৰ বাবে, চৰকাৰে মত্স্য বিধান আইন, ২০০৫ কাৰ্য্যকৰী কৰে। এতিয়াৰ পৰা, মত্স্য পালক সকলে পঞ্জীকৃত মত্স্য পোনা উতপাদকৰ পৰা উন্নত মানৰ বিধান ক্ৰয় কৰিব পাৰিব।
বিল সমূহ হৈছে পৃথিৱীত অমূল্যৱান ৰত্নৰ দৰে। মত্স্য কৃষিৰ বাবে যথেষ্ঠ হাৰত সম্ভাৱনাপূৰ্ণ বিল থকাৰ পাছতো অসম আজিও মীন উত্পাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হব পৰা নাই। যদিহে এই বিল সমূহ সঠিক ভাৱে বিকশিত কৰা হয় আৰু ব্যৱহাৰ কৰা হয়, নিশ্চয়কৈ অসম মত্স্য উত্পাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হব পাৰিব।