মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

কৃষি উতপাদনৰ পৰৱৰ্তী ব্যৱস্থাপনা

মত্স্য ব্যৱস্থাপনাৰ প্ৰস্তুতি

i.মাছ বাহিৰলৈ ওলাই নাযাবৰ বাবে আৰু মাছ ধৰিবৰ বাবে সুঁতিত বান্ধ নিৰ্মাণ কৰা

ii.মত্স্য প্ৰজননৰ সময়ছোৱাত ১ এপ্ৰিলৰ পৰা ১৫ জুলাই তাৰিখলৈ মাছ ধৰা কাৰ্য্য বন্ধ ৰখা

iii.মূল উত্সৰ পৰা বিললৈ মাছৰ প্ৰবজন হোৱা সুঁতি সমূহ মাছ ধৰা অবৈধ সা-সৰঞ্জামৰ পৰা মুক্ত ৰখা

iv.বিল সমূহত জেংকটাল নিৰ্মাণ কৰা

v.মেটেকা মুক্ত কৰা

vi.বিল সমূহত মাছৰ পোনা মেলা

কৃষি উতপাদনৰ পৰৱৰ্তী ব্যৱস্থাপনা

i.বান্ধ নিৰ্মাণৰ জৰিয়তে মাছ সংগ্ৰহৰ প্ৰক্ৰিয়া

ii.বৈধ জাল ব্যৱহাৰৰ জৰিয়তে মুখ্য মাছ ধৰা প্ৰক্ৰিয়া পৰিচালনা কৰা

iii.মত্স্য অৱতৰণ কেন্দ্ৰ সমূহত স্বচ্ছতা বজাই ৰাখি নিতৌ মাছ বিক্ৰী কৰা। কৃষি উতপাদন সংগ্ৰহৰ পৰৱৰ্তী ব্যৱস্থাপনাৰ আন কিছুমান দিশঃ

পৰিচালনা

·        অৱতৰণ স্থলিত অৱতৰণ কৰা মাছৰ কঠোৰ পৰিচালনা কৰাৰ পৰা বিৰত থকা

·        মাছ বোৰ ৰাখিবৰ বাবে ধাতুৰ পাত্ৰ ব্যৱহাৰ কৰা

·        মাছ বোৰ পেকিং কৰাৰ পূৰ্বে ভালদৰে পৰ্য্যবেক্ষণ কৰা

·        উষ্ণতা আৰু অন্য ক্ষতিকাৰক উপাদনৰ পৰা মাছবোৰক সুৰক্ষা প্ৰদান কৰা

·        বৰফত ৰখাৰ পূৰ্বে মাছবোৰ ভালদৰে ধুই লোৱা

·        মাছবোৰ ব্ৰাছ কৰিব নালাগিব

পেকিং

·        উপৰ্যুপৰি বৰফ ব্যৱহাৰ কৰা। মাছ পেকিং কৰা পাত্ৰত উপৰে-তলে আৰু লগতে দুয়োকাষে তৰপে তৰপে অতিৰিক্ত বৰফ দিয়া

·        পেট অংশ তলমূৱাকৈ ৰাখি মাছবোৰ পেকিং কৰা

·        মাছৰ ওপৰত বৰফ পানী ধালিলে অতি সোনকালে এইবোৰ ঠাণ্ডা হৈ পৰে

পৰিবহন

·        দূৰ-দূৰণিলৈ পৰিবহন কৰিবলগীয়া সতেজ মাছবোৰৰ পেকিং প্ৰক্ৰিয়াত বৰফ ব্যৱহাৰ কৰিব লাগে

·        সতেজ মাছ পেকিং কৰাৰ মূহুৰ্তত এই কথা নিশ্চিত কৰিব লাগিব যে মাছ আৰু বৰফৰ তৰপ সমূহৰ সঠিক ব্যৱস্থা কৰা হয়।

·        প্ৰতি দুই কিলোগ্ৰম মাছৰ বিপৰীতে এক কিলোগ্ৰম বৰফ ব্যৱহাৰ কৰাটো দৰকাৰ

নিমখৰ আৱৰণ

·        কোঠাৰ উষ্ণতাত অতি কম খৰচি পদ্ধতিৰে মাছ সংৰক্ষণ কৰি ৰাখিব পাৰি

·        সংৰক্ষণৰ ম্যাদ দীঘলীয়া

ধোঁৱা দিয়া

·        কম খৰচি, কিন্তু ইন্ধন উপলব্ধ থকাটো নিশ্চিত কৰিব লাগিব

·        মানদণ্ড আৰু পুষ্টিগত মূল্য উচিত পৰিমাণৰ

ৰদৰ তাপৰ সহায়ত শুকোৱা

·        মাছ সংৰক্ষণৰ আটাইতকৈ কম খৰচি আৰু সৰল উপায়

·        ভালকৈ ধুই মাছবোৰ এদিন বা দুদিনৰ বাবে ৰদৰ তাপত শুকুৱা

·        শুকুৱাৰ পাছত মাছবোৰ শুকান আৰু ঠাণ্ডা ঠাইত সংৰক্ষণ কৰা