মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন অসম মীন উন্নয়ন নিগম লিমিটেড

আৰ্থ-সামাজিক উন্নয়নমূলক কাৰ্য্যসূচী

নিগমে ইয়াৰ আৰম্ভণিৰে পৰাই, ৰাজ্যত মত্স্য উত্পাদন বৃদ্ধি কৰাৰ উদ্দেশ্যৰে বিল-মীনসমূহৰ উন্নয়নকে ধৰি বিশেষকৈ ৰাজ্যখনৰ মত্স্য পালক সকলৰ বিকাশ সাধনৰ বাবে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে।

  • নিগমে দৰং জিলাৰ জিলা প্ৰশাসনৰ জৰিয়তে একোটা গৃহৰ বাবত ৫০,০০০.০০ টকা ব্যয়েৰে মুঠ ২০ টা গৃহ নিৰ্মাণ কৰিছে আৰু এই সমুহ ২০ গৰাকী দুখীয়া মত্স্য পালক পৰিয়ালক অৰ্পন কৰিছে।
  • ২০১৫-১৬ বৰ্ষত, মংগলদৈত ৰাজহুৱা সভাগৃহ নিৰ্মাণ কৰিবলৈ মংগলদৈ জিলা ক্ৰীড়া সন্থাক ১০ লাখ টকাৰ অনুমোদন জনোৱাৰ লগতে মুকলিও কৰি দিছে।
  • নলবাৰী জিলাত বৰবিলা খেলুৱা মত্স্য পালক সমবায় সমিতিৰ অন্তৰ্গত পৰিয়ালৰ মত্স্য পালক সকলক নিগমে মত্স্য বাহন, চাইকেল, পুথি ইত্যাদি প্ৰদান কৰিছে।
  • কৰিমগঞ্জ জিলাতো সোন বিল সমিতিৰ মত্স্য পালক সকলৰ বাবে নিগমে ১১০ খন দুচকীয়া বাহন, দুখন চাৰি চকীয়া বাহন(মত্স্য বাহন) আৰু অন্যান্য সা-সৰঞ্জামৰ ব্যৱস্থা কৰিছে।
  • ২০০৬-০৭ৰ পৰা ২০১০-১১ বৰ্ষৰ ভিতৰত, মত্স্য পালক পৰিয়ালৰ শিশু আৰু মহিলাৰ বিকাশৰ বাবে নানা প্ৰতিযোগিতা, শ্ৰেষ্ঠ মত্স্য পালক আৰু কৰ্মচাৰী বঁটা প্ৰদান অনুষ্ঠান ইত্যাদিবোৰ অন্তৰ্ভুক্ত কৰি নিগমে মীন বিভাগৰ সৈতে জড়িত অসম মত্স্য মহোত্সৱৰ আয়োজন কৰি কৰিছে আৰু লগতে দুখীয়া মত্স্য পালকৰ পৰিয়ালৰ সন্তানক উচ্চ শিক্ষাৰ বাবে অনুপ্ৰাণিত কৰিবৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
  • চি.আই.এফ.আৰ.আই.ৰ সহায়ত মত্স্য পালক সকলৰ বাবে নিগমে বহু প্ৰশিক্ষণ কাৰ্য্যসূচীৰো আয়োজন কৰিছে।
  • ২০০৮-০৯ চনৰ পৰা ২০১৫-১৬ চনলৈ প্ৰতি বছৰে ১০ লাখকৈ টকা আৰু ২০১৬-১৭ বৰ্ষত ১১ লাখ টকাৰে মুঠ ৭১ লাখ টকা নিগমে মুখ্য মন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অনুদান হিচাপে আগবঢ়াইছে।
  • ভূৱনেশ্বৰৰ চি.আই.এফ.এ.ৰ(কেন্দ্ৰীয় আভ্যন্তৰীণ মিঠা পানী জলকৃষি) সহযোগত “বৈজ্ঞানীক মত্স্য পালন অনুশীলন আৰু এফ.আৰ.পি. কাপ কণী পৰা ঠাই পৰিচালনা”ৰ ওপৰত নিগমে মাজুলীত ২৮ৰ পৰা ৩০ এপ্ৰিল তাৰিখলৈ প্ৰশিক্ষণ কাৰ্য্যক্ৰম পৰিচালনা কৰিছে।
  • ২০১৭ বৰ্ষৰ ১০ জুলাই তাৰিখে, নিগমে উদযাপন কৰা মত্স্য কৃষক দিৱসত ২০১৬-১৭ বৰ্ষৰ বাবে ৰাজ্যৰ প্ৰথম আৰু তৃতীয় শ্ৰেষ্ঠ মত্স্য কৃষকক একোখনকৈ অভিনন্দন পত্ৰ আৰু ক্ৰমে ২০,০০০ আৰু ১০,০০০ টকাৰ নগদ ধন সহ বঁটা প্ৰদানো কৰে।
  • এ.এফ.ডি.চি. লিমিটেডৰ প্ৰশাসনীক নিয়ন্ত্ৰণত থকা বিল-পুখুৰী সমূহৰ প্ৰৱন্ধন আৰু বিকাশৰ বাবে অৰিহণা যোগোৱা আৰু লগতে সময়মতে লীজৰ মূল্য আদায় দিয়া পাঁচ গৰাকী লেচিক নিগমে একোখনকৈ অভিনন্দন পত্ৰ আৰু জনে প্ৰতি চাৰি হাজাৰ টকাৰ নগদ ধন সহ একোটাকৈ বঁটাৰে পুৰস্কৃত কৰে।
  • নিগমে ২০১৭ চনৰ ১০ জুলাই তাৰিখে উদযাপন কৰা মত্স্য কৃষি দিৱস উদযাপন অনুষ্ঠানত ১২ গৰাকী দুখীয়া মত্স্য পালক পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক একোখনকৈ অভিনন্দন পত্ৰ আৰু ৫,০০০ টকাৰ এককালীন সাহাৰ্য্যৰে পুৰস্কৃত কৰে।